তামিলনাডু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰ কোৰোনা আক্ৰান্ত হৈ মৃত্যু

97

তামিলনাডুৰ বিধানসভা নিৰ্বাচনত বিৰুধুনগৰ জিলাৰ শ্ৰীভিলিপুথুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পিএছডব্লিউ মাধৱ ৰাওৰ কোৰোনা আক্ৰান্ত হৈ দেওবাৰে মৃত্যু ঘটে। মাৰ্চ মাহতে কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে কংগ্ৰেছে।

উল্লেখ্য যে, চলিত বৰ্ষৰ তামিলনাডু বিধানসভা নিৰ্বাচনত শ্ৰীভিলিপুথুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰাৰ্থিত্ব আগবঢ়াইছিল মাধৱ ৰাওৱে। যদি সমষ্টিটোত তেওঁ জয়লাভ কৰে, তেন্তে সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত হব।