তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ এম কে ষ্টালিনৰ

66

বিধানসভা নিৰ্বাচনত বৃহৎ জয়লাভৰ পিছত আজি তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ডিএমকেৰ অধ্যক্ষ এম কে ষ্টালিনে। ৰাজভৱনত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ষ্টালিনক মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰোৱায় ৰাজ্যপালে।

উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰীৰ লগতে ৩৩ গৰাকী বিধায়কে মন্ত্ৰীৰূপে শপত লয়। ২ মে’ত ঘোষণা হোৱা ফলাফলত ডিএমকেয়ে একক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কোভিড প্ৰট’কল বিধি মানি আজি অনুষ্টুপিয়াকৈ আয়োজন কৰা হয় মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান।