তামিলনাডুত হত্যা কৰি কুঁৱাত পেলাই থৈ যোৱা অৱস্থাত ট্ৰানজেণ্ডাৰসহ ৩জনৰ মৃতদেহ উদ্ধাৰ

75

ডিজিটেল ডেস্কঃ তামিলনাডুৰ তিৰুেলৱেলীস্থিত পলয়মকোট্টাইত শুকুৰবাৰে দুগৰাকী ট্ৰানজেণ্ডাৰসহ ৩জনৰ মৃতদেহ এটা কুঁৱাত উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। তিনিওজনকে ডিঙি ৰেপি হত্যা কৰাৰ পিছত কুঁৱাত পেলাই থোৱা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইতিমধ্যে ৩ জনক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। ইফালে হত্যাৰ বলি হোৱা ট্ৰানজেণ্ডাৰ দুগৰাকী আৰু পুৰুষজন অনুষ্কা (৩৫), ভৱানী (৩৪) আৰু মুৰুগন (৩৮)ৰ বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে সদৰি কৰা মতে, মুৰুগনে ভৱানী আৰু অনুষ্কাক বিয়া কৰাইছিল। তাৰ পিছতে তেওঁলোকে এটি সন্তান তুলি লোৱাৰ ইচ্ছা কৰিছিল। সেইবাবে ঋষিকেশ নামৰ এজন ব্যক্তিক ৫ লাখ টকাও প্ৰদান কৰিছিল মুৰুগনে। কিন্তু ঋষিকেশে পইছা লোৱাৰ পিছত মুৰুগন আৰু অনুষ্কা, ভৱানীক প্ৰতাৰণা কৰি আছিল। আৰক্ষীয়ে জানিবলৈ দিয়ে মতে, মুৰুগণে ঋষিকেশৰ ভগ্নীক বদনামী কৰিবলৈ ছ’চিয়েল মিডিয়াত মেছেজ কৰিবলৈও আৰম্ভ কৰে।

এনে কাৰণতে ঋষিকেশ ক্ষোভিত হৈ তিনিও জনক হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযুক্ত ঋষিকেশৰ সন্ধান আৰম্ভ কৰিছে যদিও এতিয়াও অভিযুক্ত পলাতক হৈ থকা আছে।