ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতত ঘূৰ্ণী বতাহ মেণ্ডুছৰ আতংক।
মেণ্ডুছৰ প্ৰভাৱত অব্যাহত আছে প্ৰচণ্ড বৰষুণ।
ঠায়ে ঠায়ে সংঘটিত হৈছে ভূস্খলনৰ ঘটনাও।
তামিলনাডুত ধাৰাষাৰ বৰষুণৰ ফলত ইতিমধ্যে মৃত্যু ৪ জনকৈ লোকৰ।
মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰকাশ কৰা মতে, ঘূৰ্ণী বতাহ মেণ্ডুছৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যখনৰ ১৫১টা বাসগৃহ।
চেন্নাইত দেখা গৈছে অধিক প্ৰভাৱ।
ইতিমধ্যে প্ৰভাৱিত অঞ্চলৰ ২০০ৰো অধিক পৰিয়ালক স্থানান্তৰ কৰা হৈছে সুৰক্ষিত স্থানলৈ।
চেন্নাইৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।