তাঁতশালত প্ৰস্তুত হল শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘গুণমালা’

14

চুতীয়াৰ হাতৰ পৰশত এইবাৰ তাঁতশালত প্ৰস্তুত হ’ল মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘গুণমালা’। অসম গৌৰৱ তথা শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালত ইংৰাজী ভাষাত বৈ উলিয়ালে ধৰ্মীয় পুথি গুণমালা। ২ বছৰ ৯ মাহ ধৰি কৰা চেষ্টাৰ অন্তত এৰি সূতা আৰু বাঁহৰ কাঠিৰে প্ৰায় ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত এই গুণমালা বৈ উলিয়াইছে শিপিনীগৰাকীয়ে। জানিব পৰা মতে অহা ৮ ডিচেম্বৰচত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া শ্ৰী শ্ৰী কালশিলা সত্ৰত এই বস্ত্ৰ উন্মোচন কৰা হ’ব।বস্ত্ৰখনি তৈয়াৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বাঁহৰ কাঠিকে ধৰি সকলো সামগ্ৰী তেওঁ নিজেই প্ৰস্তুত কৰিছে। বস্ত্ৰখনৰ দীঘ এৰি সূতা আৰু বাণী বাঁহৰ কাঠিৰ। ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত এই গুণমালা তাঁতশালত ববলৈ আৰম্ভ কৰিছিল শিপিনীগৰাকীয়ে। প্ৰায় ২ বছৰ ৯ মাহৰ অন্তত ২০২৪ চনৰ ১ ডিচেম্বৰৰ নিশা ১০.১৪ বজাত বস্ত্ৰখনি বৈ শেষ কৰে শিপিনীগৰাকীয়ে।উল্লেখ্য যে,এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও হেমপ্ৰভা চুতীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু ধৰ্মীয় গ্ৰন্থ। শিপিনীগৰাকীয়ে মুগা সূতা আৰু গুণাৰ আখৰ ঊণ সূতাৰে তাঁতশালত ৮০ ফুট দৈৰ্ঘ আৰু ১৭ ইঞ্চি প্ৰস্থৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত গুণমালা প্ৰস্তুত কৰিছিল। বয়ন শিল্পীৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে শিপিনীগৰাকীক ২০২২ চনক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছিল।