ঢাকাত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৬ জনৰ মৃত্যু

73

সোমবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন ৰেষ্টুৰেণ্ট আৰু এটা প্লাষ্টিক কাৰখানাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৬ জন লোক নিহত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ সহকাৰী সঞ্চালক শ্বাহজাহান শিকদাৰে জানিবলৈ দিয়া মতে, পুৰণি ঢাকাৰ চৌকবজাৰ অঞ্চলৰ একেটা অট্টালিকাতে অৱস্থিত এখন ৰেষ্টুৰেণ্ট আৰু প্লাষ্টিক কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত সোমবাৰে মৃত্যু ঘটে ৬ জন লোকৰ।

অগ্নিনিৰ্বাপক বাহিনীৰ আন এগৰাকী বিষয়া বজৰুল ৰছিদে জনোৱা মতে, ৰেষ্টুৰেণ্টখনৰ শ্ৰমিকসকলে কৰ্তব্য সমাপন কৰি প্ৰথম মহলাত শুই থকা অৱস্থাতে নিশা প্ৰায় ১২ বজাত ৰেষ্টুৰেণ্টখনত অগ্নিকাণ্ড সংঘটিত হয়। পিছত এই অগ্নিকাণ্ড প্লাষ্টিক কাৰখানালৈ বিয়পি পৰে।

পিছত উদ্ধাৰকাৰী দলে অভিযান চলাই অট্টালিকাটোৰ পৰা ৬ জনৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে, নিহত আটাইকেইজনেই ৰেষ্টুৰেণ্টখনত কৰ্মৰত আছিল।

চৌকবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল কৈয়ুমে জনোৱা মতে, মঙলবাৰে পুৱা ৰেষ্টুৰেণ্টখনৰ মালিক ফকৰুদ্দিনক আৰক্ষীয়ে আটক কৰে।