ঢকুৱাখনাত পলাতক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

130

লখিমপুৰত গ্ৰেপ্তাৰ এজন পলাতক ড্ৰাগছ সৰবৰাহকাৰীক। দেওবাৰে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গিৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক।

উল্লেখ্য যে যোৱা ৪ জুনৰ দুপৰীয়া ঘিলামৰা আৰক্ষীৰ এক অভিযান কালত বৰদৈ অঞ্চলৰ নিৰিবিলি ধাবাৰ সন্মুখত এখন অলটো ৮০০ বাহনৰ পৰা ৫ গ্ৰাম নিষিদ্ধ হেৰোইন সহ তিনিজন যুৱকক আটক কৰিছিল আৰক্ষীয়ে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা আছিল বালিগাঁৱৰ হৃদয় জ্যোতি বৰা (২৭) আৰু হুজ গাঁৱৰ ৰাজু দাস (৩১) আৰু বেবেজিয়া আয়েঙিয়া গাঁৱৰ নৰেন্দ্ৰ মৰাং ওৰফে লিমাই (২৭)।

আৰক্ষীয়ে অভিযুক্ত কেইজনক সোধাপোছা চলাই থকাৰ সময়তে চেগ বুজি পলায়ন কৰিবলৈ সক্ষম হৈছিল নৰেন্গ্ৰ মৰাঙে। এই পলাতক ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰৰ সন্ধান চলাই থকাৰ সময়তে দেওবাৰে নিশা ঘিলামৰা আৰক্ষীৰ জালত পৰে পলাতক আচামীতো।

ঘিলামৰা থানাৰ ইতিমধ্যে পঞ্জীভূত গোচৰ (নং-৪৫/২০২২ ) ৰ এনডিপিএছ আইন ১৯৮৫ ৰ ২১(a/২৭ (a) ধাৰাৰ অভিযুক্ত ধৃত দুই সতীৰ্থৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা লিমাইক ঘিলামৰা আৰক্ষীয়ে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।