চুৰি কাৰ্যৰে সমগ্ৰ ঢকুৱাখনাত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা দুটা গভাইত চোৰক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষী। বৃহস্পতিবাৰে পুৱা ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে গভাইত চোৰ দুটাক।
জানিব পৰা মতে, ঢকুৱাখনা সদৰ থানাৰ কনিষ্টবল বীৰেন চাংমাইৰ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নিজ বাসগৃহৰ পৰা চোৰদুটাক গ্ৰেপ্তাৰ কৰে। ধৃত গভাইত চোৰ দুটাক ক্ৰমে মৃদুল দাস আৰু বিপুল দাস বুলি চিনাক্ত কৰা হৈছে। দুয়োটা চোৰৰ ঘৰৰ পৰা আৰক্ষীয়ে পানী উঠোৱা মটৰ, পিতলৰ তৌ, পিতলৰ লোটা, বাল্টি, বৈদ্যুতিক ফেন আদি বিভিন্ন মূল্যবান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
দুয়োকে বৰ্তমান ঢকুৱাখনা সদৰ থানাত জেৰা চলাই থকা হৈছে।