ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক জীপাল কৰাৰ প্ৰয়াস নগাঁৱৰ কামপুৰৰ “আচপাচ”ৰ

89

ঋতু পৰ্ণ শৰ্মা, নগাঁও:- বিশ্ববৰেণ্য শিল্পী-সুধাকণ্ঠ- ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ স্মৃতি প্ৰতিজন অসমীয়াৰ মাজত সজীৱ কৰি ৰখাৰ উদ্দেশ্যে ৰাজ্য খনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত উদ্যোগতো বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেনে এক অনুষ্ঠান হৈছে নগাওঁ জিলাৰ দক্ষিণ প্ৰান্তৰ এক ঐতিহ্যমণ্ডিত স্থান কামপুৰৰ ”আচপাচ”।

এই অনুষ্ঠানটোৰ প্ৰচেষ্টাত প্ৰতিদিনে সন্ধিয়াৰ লগে লগে কামপুৰ নগৰৰ প্ৰতিটো এলেকাত বাজি উঠে শিল্পীগৰাকীৰ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত সমূহ । শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ সময় বিয়লি ৪:৩৭ বজাত কামপুৰবাসী কাণত প্ৰতিধ্বনিত হয় “কপিলী কপিলী ৰাংঢালী ছোৱালী”, “জিন্দাবাদ মেণ্ডেলা”,”মই এটি যাযাবৰ”,”মানুহে মানুহৰ বাবে”ৰ দৰে কালজয়ী গীত । এই কালজয়ী গীত সমূহে প্ৰতিদিনে সন্ধিয়া জীপাল কৰি তোলে কামপুৰ বাসীক।

কামপুৰৰ ”আচপাচ”ৰ এই প্ৰচেষ্টাৰ জৰিয়তে ভূপেনদাৰ সৃষ্টিৰাজিৰ প্ৰতি যুৱক-যুৱতীসকল আকৰ্ষিত হৈছে। ”আচপাচ”ৰ কৰ্মী, কামপুৰৰ সাংবাদিকদ্বয় সমৰেন্দ্ৰ নাৰায়ণ বৰা আৰু নীলকমল শইকীয়াই শিল্পীগৰাকীৰ সৃষ্টিৰাজিক জীয়াই ৰখা আৰু নৱপ্ৰজন্মৰ মাজত তাৰ প্ৰচাৰৰ বাবে সংকল্প লৈছিল শিল্পী গৰাকীৰ মহাপ্ৰয়াণৰ দিনা ২০১১ চনৰ ৫ নবেম্বৰত ।

নেৰানেপেৰা প্ৰচেষ্টা আৰু কামপুৰৰ শিল্পীপ্ৰাণ ৰাইজৰ সহযোগিতাৰ বাবে আগবাঢ়িল এই পদক্ষেপ । উল্লেখ্য যে ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি গীত সমূহে তেওঁৰ মহাপ্ৰয়াণৰ সময় ৪:৩৭ বজাৰ পৰা ৫:৩৭ বজালৈ প্ৰতি সন্ধিয়া কামপুৰ নগৰৰ ৰাজহুৱা স্থানত মৃত্যুৰ দিনৰে পৰাই মাইকযোগে বজাই থকা হৈছে । অৱশ্যে এমাহমানৰ পূৰ্বে মাইকৰ সলনি আধুনিক কাৰিকৰী ব্যৱস্থা ”পেঞ্চিল বক্স” ৰ জৰিয়তে গীত সমূহ শুনাই থকা হৈছে । বৰ্তমান শিল্পীগৰাকীৰ গীত সমূহ বজাই থকা দশম বৰ্ষত ভৰি দিছে । কালজয়ী গীতসমূহৰ ব্যাপক চৰ্চাৰ লক্ষ্যৰে ”আচপাচে” অব্যাহত ৰখা এই পদক্ষেপ অনাগত দিনটো চলি থাকিব বুলি ”আচপাচ”ৰ কৰ্মকতা সকলে জানিবলৈ দিছে ।