ড্ৰাগছ কাণ্ড: গ্ৰেপ্তাৰ হল হৰ্ষ-ভাৰতী

48

ডিজিটেল ডেস্ক: গ্ৰেপ্তাৰ হ’ল বলীউডৰ বিখ্যাত কমেডি যুঁটি হৰ্ষ-ভাৰতী। শনিবাৰে মাদক দ্ৰব্য সেৱনৰ অভিযোগত কমেডিয়ান ভাৰতী সিঙৰ গ্ৰেপ্তাৰৰ পাছতেই এতিয়া তেওঁৰ স্বামী হৰ্ষৰ বিৰুদ্ধেও উঠিছে মাদক দ্ৰব্য সেৱনৰ অভিযোগ। দেওবাৰে পুৱা ভাৰতী সিঙৰ স্বামী হৰ্ষ লিম্বাচিয়াক গ্ৰেপ্তাৰ কৰিছে নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ই। দীৰ্ঘ সময় জেৰাৰ অন্তত দুয়োজনেই গাঞ্জা সেৱন কৰে বুলি স্বীকাৰ কৰে। তাৰ পাছতেই গ্ৰেপ্তাৰ হয় বলীউডৰ বিখ্যাত কমেডিয়ান যুঁটিটো। ভাৰতীৰ ঘৰৰ পৰা এনচিবিৰ তদন্তত উদ্ধাৰ হৈছে ৮৬.৫ গ্ৰাম গাঞ্জা।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰা এনচিবিয়ে বলীউদৰ মাদক দ্ৰব্যৰ বিৰুদ্ধে চলাই আছে তীব্ৰ অভিযান। জেৰাৰ সন্মুখীনো হৈছে বলীউডৰ বহু না্মী-দামী তাৰকা। শনিবাৰে কমেডিয়ান ভাৰতী সিঙৰ মুম্বাইৰ ফ্লেটত তালাচী চলাই এনচিবিয়ে লাভ কৰে ৮৬.৫ গ্ৰাম গাঞ্জা। ভাৰতী সিং আৰু স্বামী হৰ্ষ লিম্বাচিয়াৰ বিৰুদ্ধে নিষিদ্ধ মাদক দ্ৰব্য সেৱনৰ অভিযোগৰ ভিত্তিতেই তালাচী চলাইছিল এনচিবিয়ে। সোধা–পোছাৰ বাবে ভাৰতী আৰু স্বামীক এনচিবিৰ কাৰ্যালয়লৈ নিয়ে তাৰ পৰাই গ্ৰেপ্তাৰ হয় কমেডিয়ান ভাৰতী সিঙ। কিছুদিন আগতে, বলীউদৰ অভিনেতা অৰ্জুন ৰামপাল আৰু তেওঁৰ প্ৰেমিকা গ্ৰেবিয়েলা ডেমেত্ৰিয়াদেছকো সোধা–পোছা কৰিছিল এনচিবিয়ে।