ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা বিএছএফ আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই শ্ৰীকোণা কাটাখালৰ পৰা ৭০ কোটি টকা মূল্যৰ ২ লাখ ৬০ হাজাৰ য়াবা টেবলেট জব্দ কৰিছিল। ইয়াৰ পিছত শুকুৰবাৰে আবেলি শিলচৰত অভিযান চলাই পুনৰ বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় শিলচৰ আৰক্ষীয়ে।
