অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযানত সোমবাৰে কাৰ্বি আংলং জিলাত আন্তঃৰাজ্যিক ড্ৰাগছ কাৰ্টেলৰ অংশ ১,০০০ তকৈও অধিক অবৈধ বেদখলকাৰীক উচ্ছেদ কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই অভিযানৰ বিষয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই টুইটত লিখে, “এক গুৰুত্বপূৰ্ণ অভিযানত অসম আৰক্ষীয়ে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰজান মৌজাৰ (খণ্ড নং ৩, ডুডু কলনী) পৰা ১০৫০ জন অবৈধ বেদখলকাৰীক উচ্ছেদ কৰে, যি হৈছে আন্তঃৰাজ্যিক ড্ৰাগছ কাৰ্টেলৰ অংশ।”
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, এই উচ্ছেদে ড্ৰাগছৰ যোগান আৰু সংৰক্ষণ বন্ধ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইয়াৰ পূৰ্বে, ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) ভাস্কৰ জ্যোতি মহন্তই আৰক্ষীয়ে চলোৱা অভিযানৰ বিষয়ে অৱগত কৰিছিল। তেওঁ টুইটাৰযোগে লিখিছিল, “আমাৰ ‘ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ’ৰ অংশ হিচাপে, আজি আমি ডুডু কলনি, বোকাজান, কাৰ্বি আংলঙৰ পৰা ১০১৫ টা বেদখলকাৰীৰ কুটি ধ্বংস কৰিছো”।
লক্ষণীয়ভাৱে, মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান আৰম্ভ কৰিছে। ৰাজ্যত ইতিমধ্যে বৃহৎ পৰিমাণৰ নিষিদ্ধ পদাৰ্থ জব্দ কৰা হৈছে আৰু ইয়াৰ সন্দৰ্ভত কেইবাজনকো গ্ৰেপ্তাৰ কৰা হৈছে।
