দেশ তথা ৰাজ্যৰ চৌদিশে এতিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহা।ড্ৰাগছক সাধাৰণতে মৃত্যু দূত বুলি জনা যায় বা উল্লেখ কৰিব পাৰি। আৰক্ষীয়ে প্ৰতিটো সময়তে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন অভিযান চলাই আহিছে যদিও ।নাইকিয়া কৰিব পৰা নাই ড্ৰাগছৰ বেহা। উল্লেখ কৰিম এখন দেশৰ কথা।য’ত ড্ৰাগছকেই সবল অৰ্থনীতি গঢ়াৰ সোণালী সুযোগ হিচাপে ব্যৱহাৰ কৰি ড্ৰাগছৰ বেহা আৰম্ভ কৰিছিল।আপুনি জানিলেও আচৰিত হব যে দেশ খনত চৰকাৰে সেনা বাহিনীৰ ওপৰতো ব্যৱহাৰ কৰিছিল এই মৃত্যু দূত সদৃশ ড্ৰাগছ।এই ঘটনা সংঘটিত হৈছে ছিৰিয়াত।ড্ৰাগছৰ জড়িয়তে এসময়ত সবল অৰ্থনীতি গঢ়িছিল চৰকাৰে।এতিয়া বিপদত পৰা পৰিলক্ষিত হৈছে দেশ খন।
