ড্ৰাগচৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ অভিযান। যোৱা নিশা আৰু পুৱতি নিশা পৃথক পৃথক অভিযান চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে আৰক্ষীয়ে।আজি পুৱতি নিশা কাছাৰৰ দিগৰখালত AS-26-C-9733 এখন বাহনত তা তালাশি চলাই 1.881 কে:জি হেৰোইন জব্দ কৰে আৰক্ষীয়ে।আটক কৰা হৈছে ৩ জন পাচাৰকাৰীক। জব্দকৃত হেৰোইনৰ বজাৰ মুল্য ৯.৫ কোটি টকা।
ইপিনে যোৱা নিশা শালচাপৰাত ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনত তল্লাশি চালাই 561 গ্ৰাম হেৰোইন জব্দ কৰে আৰক্ষীয়ে।লগত ২ জন পাচাৰকাৰীক আটক কৰা । এই খিনি হেৰোইনৰ বজাৰ মুল্য ৩ কোটি টকা ।
