ডেৰশ সাংবাদিক – সংবাদকৰ্মীক দিছপুৰ প্ৰেছ ক্লাবৰ খাদ্য – সামগ্ৰীৰ টোপলা, মাক্স , চেনিটাইজাৰ বিতৰণ

158

ষ্টাফ ৰিপোৰ্টাৰ: ল’ক ডাউনৰ সময়ত অত্যাৱশ্যকীয় খাদ্য – সামগ্ৰীৰ সংগ্ৰহত নানা সমস্যাৰ সন্মুখীন হোৱা গুৱাহাটী মহানগৰীত কৰ্মৰত বিভিন্ন সংবাদমাধ্যম, সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত ডেৰশ সাংবাদিক, ফটো সাংবাদিকৰ , ভি ডি অ সাংবাদিক, সংবাদকৰ্মীৰ মাজত শনিবাৰে পঞ্চমবাৰৰ বাবে দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত জাফাৰ ভেটাপাৰাস্থিত কাৰ্যালয়ত খাদ্য সামগ্ৰীৰ টোপলা বিতৰণ কৰা হ’য় । এই খাদ্য সামগ্ৰী সমূহ যোগান ধৰিছিল আজমল ফাউণ্ডেচনে।
আনহাতে মাক্ম আৰু চেনিটাইজাৰ সমুহ দিছপুৰ প্ৰেছ ক্লাবক যোগান ধৰিছিল ডাউন টাউন হাস্পাতাল , জি এন আৰ চি হাস্পাতাল ,,বিজেপিৰ গুৱাহাটী মহানগৰ সমিতি , আৰু অসম চৰকাৰৰ আবকাৰী বিভাগে ।
উল্লেখ্য দিছপুৰ প্ৰেছ ক্লাব আৰু জাৰ্ণেলিষ্ট এচোছিয়েশ্বন ফৰ আসাম চমুকৈ জাফাই প্ৰেছ বিবৃতি যোগে আৰ্থিক ভাৱে দুৰ্বল সাংবাদিক – সংবাদকৰ্মী সকলোক সহায়ৰ হাত আগবঢ়াবলৈ অসমৰ দল – সংগঠন/ অনুষ্ঠান , প্ৰতিষ্ঠানক অনুৰোধ জনোৱাৰ পাছত সাংবাদিক সমাজক সহায়ৰ বাবে বিভিন্নজন আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ।