ডেল্টা প্লাছ ভেৰিয়েণ্টে লৈছে ভয়াবহ ৰূপ! ১২খন ৰাজ্যত ধৰা পৰিছে সংক্ৰমণ

83

কোৰোনাৰ দ্বিতীয় সংক্ৰমণে দেশজুৰি আতংক অব্যাহত ৰখাৰ সময়তে এইবাৰ নিজৰ ৰূপ দেখুৱাইছে কোৰোনাৰ নতুন প্ৰকাৰ ডেল্টা এ প্লাছ ভেৰিয়েণ্টে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সম্বোধন কৰা এক সংবাদ মেলত শুকুৰবাৰে নীতি আয়োগৰ সদস্য ডা০ বি কে পালে কয় যে ১২ খন ৰাজ্যত বৰ্তমান ডেল্টা এ প্লাছ ভেৰিয়েণ্টৰ সংক্ৰমণ ধৰা পৰিছে। কোৰোনাৰ এই নতুন প্ৰকাৰত বৰ্তমানলৈকে ৫৬ জন লোক সংক্ৰমিত হৈছে ।

ইফালে এই মহামাৰী প্ৰতিৰোধৰ বাবে জনছন এণ্ড জনছনৰ এটা ড’জৰ ভেকচিনক লৈ বাৰ্তালাপ চলি আছে বুলিও ডা০ বি কে পালে জানিবলৈ দিয়ে। তেওঁ কয় যে এই ভেকচিন প্ৰস্তুত হ’লেই তাৰ উৎপাদন হায়দৰাবাদৰ বায়’লজীকেল চেণ্টাৰত বহুলভাৱে কৰা হব।

উল্লেখ্য যে, ভাৰতত শুকুৰবাৰে পুনৰ ৪৬,৬১৭ জন লোক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে শুকুৰবাৰৰ দিনটোত ৮৫৩ জন ৰোগীয়ে কোভিড-১৯ৰ ফলত প্ৰাণ হেৰুৱাইছে। ভাৰতত কোভিড-১৯ৰ সুস্থতাৰ হাৰ ৯৭ শতাংশলৈ বৃদ্ধি পাইছে।