ডি ডি অসম যোগে দেবেন তামূলীয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰৰ সম্প্ৰচাৰ

80

ষ্টাফৰিপৰ্টাৰ, ডি ডি অসমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ উৰিষ্যাৰ সম্বলপু ৰত থকা ভগ্নপ্ৰায় বাসগৃহ টোৰ ওপৰত দেবেন তামূলীয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘এ ক্ৰামম্বিঙ হেৰীটেজ’ ( A Crumbling Heritage) বুধবাৰে নিশা ১০.২৫ বজাত সম্প্ৰচাৰ হ’ব। লগতে ২৪ জুলাইত আবেলি ৪.৩০ বজাতো সম্প্ৰচাৰ কৰা হ’ব। এই সম্পৰ্কে তথ্যচিত্ৰখনৰ নিৰ্মাতা দেবেন তামুলীয়ে কয় ‘ এই তথ্যচিত্ৰখনৰ সম্প্ৰচাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ ভগ্নপ্ৰায় বাসগৃহটোৰ সংৰক্ষণত প্ৰচুৰ সহায় কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহ ‘ৰং ঘৰতো’ তথ্যচিত্ৰখন প্ৰদৰ্শন কৰা হৈছিল। সংৰক্ষণৰ কামত তদাৰকী কৰি থকা সম্বলপুৰৰ দীপক পাণ্ডাই টেলিফোন যোগে বেজবৰুৱাৰ অধ্যয়নস্থলী ‘সাধনাগৃহ’ৰ সংৰক্ষণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি জনায়। ইয়াৰ পাছতেই মূল গৃহটোৰ সংৰক্ষণ কাম আৰম্ভ হ’ব বুলিও জনায়। উল্লেখ্য ইতিমধ্যে এই বাসগৃহটোৰ সংৰক্ষণৰ বাবে উৰিষ্যা চৰকাৰে ৫২ লাখ আৰু অসম চৰকাৰে ৫০ লাখ টকা আগবঢ়াইছে। মূল গৃহটো
সংৰক্ষণৰ বাবে আৰু অর্থৰ প্ৰয়োজন হ’ব বুলিও পাণ্ডাই ফোনযোগে জনায়।’