ডিমৌৰ জলসম্পদ বিভাগৰ ৬ অভিযন্তা-কৰ্মচাৰীক নিলম্বন

361

ডিমৌৰ জলসম্পদ বিভাগৰ ৬ অভিযন্তা-কৰ্মচাৰীক নিলম্বন।

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন অভিযন্তা-কৰ্মচাৰী কেইগৰাকীক।

ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছে আটাই কেইজনক।

অভিযোগ অনুসৰি, বালিৰ বেগৰ ভিতৰত খালী বেগ ভৰাই কৰ্তব্যত গাফিলতি কৰিছিল অভিযন্তা-কৰ্মচাৰী কেইগৰাকীয়ে।

যাৰ বাবে নিলম্বন কৰা হয় ডিমৌ মহকুমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীনেশ বুঢ়াগোহাঁই, শিৱসাগৰ জলসম্পদ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা তৰুণ সোণোৱালক।

একে কাৰণতে উপ-অভিযন্তা তৰুণ বৰগোহাঁই, শাখা সহায়ক ধ্ৰুৱজ্যোতি চেতিয়াৰ লগতে নিম্নবৰ্গৰ কৰ্মচাৰী অতুল গগৈ আৰু মাণিক কোঁৱৰকো নিলম্বনৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই।