ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষা স্থগিত

88

সমগ্ৰ দেশৰ লগতে অসমতো ভয়াবহ হাৰত বৃদ্ধি পোৱা কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হবলগীয়া সকলো পৰীক্ষা বাতিল কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

শুকুৰবাৰে এক জাননী জাৰি কৰি বিশ্ববিদ্যালয়খনৰ অধীনত অনুষ্ঠিত হবলগীয়া স্নাতক, স্নাতকোত্তৰ আৰু কেন্দ্ৰসমূহৰ পৰীক্ষা স্থগিত ৰখা হৈছে। পৰৱৰ্তী দিন ধাৰ্য নকৰা পৰ্যন্ত পৰীক্ষাসমূহ স্থগিত থাকিব বুলি প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।