অসম আৰক্ষীয়ে দেওবাৰে এগৰাকী মহিলাক ডিব্ৰুগড়ত ৮০ লাখ টকাৰ ২৯২ গ্ৰাম হেৰোইন ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
“অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা অনুসৰণ কৰি অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি এক বৃহৎ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান আৰম্ভ কৰিছে। যাৰ অধীনত আৰক্ষীয়ে সমগ্ৰ ৰাজ্যখনত কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰাত সফল হৈছে,” ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত বিষয়া বলৰাম টেৰঙে কয়।
ইফালে শনিবাৰে মাজনিশা, চোৰাংচোৱা সূত্ৰৰ ভিত্তিত অভিযান চলাই ডিব্ৰুগড়ত এগৰাকী মহিলাৰ ঘৰৰ পৰা ২৯২ গ্ৰাম হেৰোইন জব্দ কৰে আৰক্ষীয়ে। যাৰ বজাৰ মূল্য ৮০ লাখ টকাৰ ওচৰত হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
ডিব্ৰুগড়ৰ ভাৰপ্ৰাপ্ত বিষয়া বলৰাম টেৰঙে কয়, “এই অভিযানৰ পিছত, ড্ৰাগছ ব্যৱসায়ীসকলৰ মাজত এক আলোড়ন সৃষ্টি হৈছে। অপৰাধী আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ মাজত এক আতংকৰ পৰিৱেশ বিয়পি পৰিছে।”
ইয়াৰ পূৰ্বে ২৫ ডিচেম্বৰত অসম আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰে আৰু শনিবাৰে নগাঁও জিলাত তেওঁৰ দখলৰ পৰা ৮৪ ভাইল হেৰোইন জব্দ কৰে।
