ডিব্ৰুগড়ত পিষ্টলেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা এগৰাকী কিশোৰীৰ…

66

শুকুবাৰে সন্ধিয়া ডিব্ৰুগড় জিলাৰ আমোলাপট্টীত এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে পিষ্টলেৰে গুলীয়াই আত্মহত্যা কৰিবলৈ চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৰ্তমান কিশোৰীগৰাকী অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

জানিব পৰা মতে, কিশোৰীগৰাকীয়ে পিতৃৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলেৰে নিজকে গুলীয়াই আত্মহত্যাৰ চেষ্টা চলাইছিল। অৱশ্যে আত্মহত্যাৰ চেষ্টাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।