ডিব্ৰুগড় জিলাৰ চাউলখোৱাস্থিত চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত প্ৰতিমূৰ্তি উন্মোচন

102

ষ্টাফৰিপৰ্টাৰ, ডিব্ৰুগড় জিলাৰ চাউলখোৱাস্থিত চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত জনগোষ্ঠীটোৰ পুৰোধা ব্যক্তি ছাইমন সিং হ’ৰ আৰু সন্তোষ কুমাৰ তপ্ন’ ৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।চাহ জনজাতি সাংস্কৃতিক কেন্দ্ৰৰ চৌহদত ছাইমন সিং হ’ৰ – সন্তোষ কুমাৰ তপ্ন’ স্মৃতি উদ্যান আৰু প্ৰেক্ষাগৃহ দৃশ্যভূমি-ও আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্ৰীয়ে।২০১৭-১৮ বৰ্ষৰ আনটাইড পুঁজিৰ অধীনত ১ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা হৈছে এই আঁচনি।