বিশাল ফুকনৰ পাছতে এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত ৰঞ্জিত কাকতি । কোটি কোটি টকাৰ বিশাল সম্পত্তি গঢ়ি বিলাসী জীৱন কটোৱা ডিব্ৰুগড়ৰ বিশাল ফুকনক গ্ৰেপ্তাৰ কৰা পিছতে মঙলবাৰৰ নিশা সৰ্বসাধাৰণ জনতাত লুণ্ঠন চলোৱা অভিযোগত আন এজন লোকক আটক কৰিছে ডিব্ৰুগড়ত আৰক্ষীয়ে । অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহু ব্যক্তিৰ সাঁচতীয়া ধন হৰলুকি কৰাৰ অভিযোগ ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে লোকজনক ৷ ধৃত লোকজন ডিব্ৰুগড় জিলাৰ জীৱন ফুকন নগৰৰ ৰঞ্জিত কাকতি বুলি চিনাক্ত কৰা হৈছে ।উল্লেখ্য যে, অনলাইন ট্ৰেডিঙৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ লোকে প্ৰৱঞ্চনা কৰাৰ অভিযোগ লাভ কৰাৰ পাচতেই সৰৱ হৈ পৰিছিল অসম আৰক্ষী ৷ ইয়াৰ পাচতেই আৰক্ষীয়ে অভিযান চলাই DB stockৰ নামত দীপাংকৰ বৰ্মনে বিপুল পৰিমাণৰ টকা লুণ্ঠন কৰি পলায়ন কৰাৰ তথ্য লাভ কৰে ৷ ইয়াৰ পাচত সোমবাৰে আৰক্ষীয়ে ডিব্ৰুগড়ত অভিযান চলাই বিশাল ফুকন নামৰ আন এটা অভিযুক্তক আটক কৰে ৷