ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ পৰা অপহৃত কিশোৰীক বঙাইগাঁৱৰ পৰা উদ্ধাৰ আৰক্ষীৰ।
বঙাইগাঁও জিলাৰ চৰ অঞ্চলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৭ বছৰীয়া কিশোৰীগৰাকীক।
উল্লেখ্য যে, যোৱা ১ জানুৱাৰীত দুলীয়াজান থানাত আগৰৱালা উপাধিৰ কিশোৰীগৰাকী নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল পিতৃ-মাতৃয়ে।
৩১ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত টিউচনৰ বাবে কিশোৰীগৰাকী যোৱাৰ পিছতে সন্ধানহীন হৈ আছিল।
পৰিয়ালৰ লোকে কিশোৰীগৰাকীক বৰপেটাৰ জাহিদুল আলী নামৰ এজন যুৱকে অপহৰণ কৰাৰ অভিযোগ কৰিছিল।
লক্ষণীয়ভাৱে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই নাবালিকাগৰাকীৰ অপহৰণৰ তদন্ত কৰিবলৈ ডিব্রুগড় আৰক্ষীক নির্দেশ দিছিল৷
ইফালে কিশোৰীগৰাকীক আজি উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অভিযুক্তৰ মোমায়েকসহ ৩ জনক আটক কৰিছে।
অৱশ্যে মূল অভিযুক্তৰ সন্ধান এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে।