ডিব্ৰুগড়ৰ জকাইত পালন বাইথ’ পূজা

77

ডিব্ৰুগড়ৰ জকাইত পালন বাইথ’ পূজা ।তৃতীয় বৃহৎত জনগোষ্ঠী সোনোৱাল কছাৰী লোকসকলৰ আজি “খ্ৰীং খ্ৰীং বাইথ পূজা” । সমগ্র ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ জকাইতো জকাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জকাইবাসী ৰাইজৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা আৰম্ভ হৈছে বাইথ পূজা । কালি সন্ধিয়া দেও নমুৱা অৰ্থাৎ দেৱতা আহ্বান কাৰ্যসূচীৰে মুল মন্দিৰত পূজা পাতল কৰি আজি ৰাইজৰ সুবিধাৰ বাবে মন্দিৰ প্ৰবেশ দুৱাৰ খুলি ৰাখিছে । পুৱাৰে পৰা ভক্তৰ লানি নিছিগা ভিৰ কৰা দেখা গ’ল মন্দিৰত সকলোৱে মনৰ কামনাৰ বাবে খ্ৰীং দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰা দেখা গ’ল । উল্লেখ্য যে কিছু দিনৰ আগতে শদিয়া বৰপথাৰৰ মুল মন্দিৰৰ ৰাজাগুৰু (পূজাৰী) মৃত্যু হোৱাৰ বাবে এইবাৰ কোনো সাংস্কৃতিক কাৰ্যসূচী ৰখা নাই বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে।