ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক অঘটন। যোৱা দেওবাৰে নিশা প্ৰায় ১০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত অতি বিশেষ সেৱা ব্লকৰ তৃতীয় মহলাৰ পৰা এখন চিলিং হঠাৎ খহি পৰে। এই পৰিপ্ৰেক্ষিতত সেই মহলাটোত থকা এগৰাকী কৰ্তব্যৰত নাৰ্ছ আঘাতপ্ৰাপ্ত হয়। উল্লেখযোগ্য যে, উক্ত মহলাতে আছে হাস্পতাল খনৰ নিউৰ’ল’জি আৰু ইউৰ’ল’জিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগটো। সৌভাগ্যক্ৰমে এই ঘটনাৰ পৰা কোনো ৰোগী আহত হোৱা নাই যদিও কথমপিহে ৰক্ষা পৰে বহুকেইজন ৰোগীৰ জীৱন।
