শুকুৰবাৰে ডিব্ৰুগড়ত ৰে’লৰ খুন্দাত নিহত হয় ৰে’ল সুৰক্ষা বাহিনীৰ এগৰাকী আৰ পি এফৰ জোৱানৰ।
খবৰ অনুসৰি ডিব্ৰুগড় টাউন ৰেলৱে ষ্টেচনত সংঘটিত হৈছে এই ঘটনা।
চৰকাৰী ৰে’ল আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, নিহত আৰ পি এফৰ জোৱানজনৰ নাম হাবিলদাৰ ধনকুমাৰ হাজং।
বিষয়াসকলৰ মতে এয়া দুৰ্ঘটনাৰ গোচৰ, বিতং তদন্ত কৰা হ’ব।
ইফালে, মৃতদেহটো অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
