ডিব্ৰুগড়ৰ বাণীপুৰ ধেকেৰী গাঁৱত যোৱা নিশা এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে প্ৰাথমিক তদন্তক কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰে।
এই গোচৰৰ সৈতে জড়িত চাৰিজন লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। স্থানীয় ৰাইজৰ দাবী অনুসৰি, কিশোৰীগৰাকীক ঘৰৰ বাহিৰৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা কৰে অভিযুক্ত কেইজনে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইয়াৰ পূৰ্বে যোৱা ৯ আগষ্টত গুৱাহাটীৰ বোণ্ডা অঞ্চলত ৰহস্যজনক পৰিস্থিতিত এগৰাকী বিদ্যালয়ৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
মৃত যুৱকজন নীতিশ কুমাৰ চহৰৰ এখন বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।