ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

186

ডিব্ৰুগড়ত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ । সদৌ অসম ব্যৱসায়ী সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সুলভ মূল্যৰ ব্যৱসায়ী সকলে নিজৰ পাপ্য,আৰু অধিকাৰ বিচাৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতি কুইণ্টল চাউল বিতৰনৰ বাবে ৪৪০ টকালৈ বৃদ্ধি কৰা, আকাশলংঘী কেৰাচিন তেলৰ মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে প্ৰতি গৰাকী গ্ৰাহকক ৫ লিটাৰ কৈ কেৰাচিন তেল সুলভ মূল্যত যোগান ধৰা, অন্যান্য ৰাজ্যৰ দৰে অসমতো সুলভ মূল্যত চেনি যোগান ধৰা আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে ১২ টাকৈ দাবী সম্বলিত এখনি স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে।