ডিজিটেল ষ্ট্ৰাইক! ভাৰতত নিষিদ্ধ ৫৪টা চীনা মোবাইল এপ

83

চীনৰ বিৰুদ্ধে আকৌ এবাৰ ডিজিটেল ষ্ট্ৰাইক ভাৰতৰ।ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টিৰ দাবীৰে পুনৰ ৫৪টা চীনা এপ দেশত নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে মোদী চৰকাৰে।

চৰকাৰে নিষিদ্ধ কৰা ৫৪টা চীনা এপৰ ভিতৰত আছে বিউটি কেমেৰা: চুইট চেল্ফি এইচডি, বিউটি কেমেৰা- ছেলফি কেমেৰা, ইকুৱেলাইজাৰ এণ্ড বেছ বুষ্টাৰ, চেলচফৰ্চ এণ্টৰ ফ’ৰ কেমকাৰ্ড, ইচোলেণ্ড ২: টাইম লাইটৰ এছেজ, ভিভা ভিডিঅ’ এডিটৰ, টেনচেণ্ট এক্সৰিভাৰ, অনমিওজি চেচ, অনমিওজি এৰিনা, এপলক, আৰু ডুৱেল স্পেচ লাইটৰ দৰে এপ।

উল্লেখ্য যে,যোৱা বছৰ জুন মাহতো ভাৰতে টিকটক, ৱেচেট আৰু হেলোকে ধৰি ৫৯টা চীনা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিছিল। ২৯ জুনৰ নিৰ্দেশ অনুসৰি নিষিদ্ধ কৰা বেছিভাগ এপ কন্টেন্সিয়েল এজেঞ্চীয়ে ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰি থকাৰ সন্দেহ কৰা হৈছিল।

চীনৰ সৈতে সীমান্ত উত্তেজনাৰ মাজত পূৱ লাডাখৰ গালৱান উপত্যকাত হিংসাত্মক সংঘৰ্ষৰ সময়ত ২০ জন ভাৰতীয় সৈনিক আৰু অনিৰ্দিষ্ট সংখ্যক চীনা সৈনিক নিহত হোৱাৰ পিছত এই পদক্ষেপ লোৱা হৈছিল।

পিছত ছেপ্টেম্বৰত, চৰকাৰে ১১৮টা চীনা মোবাইল এপ নিষিদ্ধ কৰে। চীনে চীনা মোবাইল এপৰ ওপৰত নিষেধাজ্ঞা অব্যাহত ৰখাৰ ভাৰতৰ সিদ্ধান্তৰ বিৰোধিতা কৰে আৰু কয় যে এই পদক্ষেপ বিশ্ব বাণিজ্য সংস্থাৰ বৈষম্যহীন নীতিৰ উলংঘন।