ডিগবৈ বাসীৰ বাবে সুখবৰ

204

অসম চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন মিচন প্ৰকল্পৰ অসমত মুঠ চৌব্বিশ হাজাৰ জল জীৱন আঁচনিৰ প্ৰকল্পৰ কাম আৱন্তিত দিয়ে চৰকাৰে,ইয়াৰে অসমৰ ভিতৰত ১৮ টা পানীৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ ভিতৰত দহ টা পানীৰ প্ৰকল্পই আনুষ্ঠানিক ভাৱে মুকলি হ’ল ডিগবৈ সমষ্টিত ।অসমৰ প্ৰথমটো প্ৰকল্প শুভ উদ্বধন ডিগবৈৰ হাপজান পঞ্চায়তৰ অন্তৰ্গত বেতজান চাহ বাগিছাত আৰু তাৰ পাছতে ধাৰাবাহিক ভাৱে ডিগবৈ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত অসমৰ ভিতৰতে তিনিচুকীয়া জিলা খনৰ ডিগবৈত ধাৰাবাহিক ভাৱে জল জীৱন মিছন অধীনৰ আজি দশম টো পানীৰ প্ৰকল্পৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ডিগবৈৰ সমষ্টিৰ অন্তগৰ্ত চামডাং পঞ্চায়তৰ চামডাং চাহ বাগিছা অঞ্চলৰ ১০ নং লাইনত আৰু ২৫ নং লাইনত। দুই কোটি ৯৪ লাখ টকা ব্যয়েৰে নিৰ্মান সম্পূৰ্ণ কৰা এই জল জীৱন পানীৰ প্ৰকল্পটোৰ পৰা অঞ্চলটোৰ প্ৰায় সাত শ ঘৰ লোকে খোৱা পানীৰ সুবিধা লাভ কৰিব। অহা আগন্তুক সপ্তাহত ডিগবৈ সমষ্টিৰ পাৱৈ চাহ বাগিচা আৰু বগাপানী চাহ বাগিচাত আৰু আঠ টাকৈ প্ৰকল্পৰ নিৰ্মান সম্পূৰ্ণ কৰি মুকলি কৰাৰ কথা জানিবলৈ দিয়ে ডিগবৈ বিধায়ক সুৰেন ফুকনে।