ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, দেওবাৰে ডিগবৈৰ বালিজানৰ নেপালী গাঁৱত প্ৰৱেশ কৰা এটা বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটে ব্যক্তিজনৰ।
মৃত ব্যক্তিজনক নিৰ্মলসিং ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।
লক্ষণীয়ভাৱে, যোৱা কেইমাহমানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে। বনাঞ্চলসমূহ দ্ৰুত গতিত বেদখল হোৱাৰ ফলত বাসস্থানৰ অভাৱত আৰু খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে প্ৰায়ে খেতি পথাৰ, ঘৰ-দুৱাৰৰ ক্ষতিসাধন কৰাৰ লগতে মানুহকো আক্ৰমণ কৰি আহিছে।
