ডিগবৈত গ্ৰেণেড বিস্ফোৰণ, নিহত ১জন

81

কোৰোনা পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা আংশিক লকডাউনৰ মাজতে ডিগবৈত সংঘটিত হল ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা। ডিগবৈ চহৰৰ টিংৰাই বজাৰত থকা পুৰণমল আগৰৱালা নামৰ এজন ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই বিস্ফোৰণ সংঘটিত হয়।

খবৰ অনুসৰি, গ্ৰেণেড বিস্ফোৰণত এজন লোক নিহত হোৱাৰ লগতে ৩জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।