ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই অৱশেষত জামিন পালে

229

গুৱাহাটী চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই অৱশেষত জামিন পালে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত সাপেক্ষে আদালতৰ অনুমতি অবিহনে বন্দনাই গৃহ জিলা এৰিব কোনো ঠাইলৈ যাব নোৱাৰিব। সপ্তাহত দুদিন নুনমাটি থানাত বন্দনা হাজিৰ হ’ব লাগিব।