ডিজিটেল ডেস্কঃ পাৰ্ছনেল ডাটা প্ৰটেকছন বিল সন্দৰ্ভত আজি যুটীয়া সংসদীয় সমিতিৰ সন্মুখত হাজিৰ হ’ব ইণ্টাৰনেট কোম্পানী গুগল আৰু ডিজিটেল পেমেণ্ট প্লেটফৰ্ম পে’টিএম। এই দুয়োটা কোম্পানীয়ে বিজেপি সাংসদ মিনাক্ষী লেখীৰ অধ্যক্ষতাত গঠিত যুটীয়া সংসদীয় সমিতিৰ সন্মুখত উপস্থিত হৈ মৌখিক প্ৰমাণ দাখিল কৰিব।
খবৰ অনুসৰি, পুৱা ১১ বজাত সমিতিৰ সন্মুখত উপস্থিত হ’ব পেটিএমৰ বিষয়া। তাৰ পিছতে বিয়লি ৩ বজাত উপস্থিত হ’ব গুগল ইণ্ডিয়াৰ বিষয়া। উল্লেখ্য যে, ইয়াৰ পূৰ্বে শুকুৰবাৰে ফেচবুক ইণ্ডিয়াৰ বিষয়ববীয়া আৰু বুধবাৰে টুইটাৰৰ বিষয় ববীয়া সংসদীয় সমিতিৰ সন্মুখত হাজিৰ হৈ মৌখিক প্ৰমাণ দাখিল কৰিছিল। প্ৰায় ২ ঘণ্টাতকৈও অধিক সময়ত ব্যৱহাৰকাৰীৰ ডাটা সুৰক্ষা সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল ছ’চিয়েল মিডিয়া কোম্পানী দুটাৰ বিষয় ববীয়াক।
ইফালে অনলাইন বিক্ৰী প্ৰতিষ্ঠান এমাজনক যুটীয়া সংসদীয় সমিতিয়ে চমন জাৰি কৰাৰ পিছতো প্ৰথমে এমাজনে সমিতিৰ আগত হাজিৰ হ’বলৈ অমান্তি হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সমিতিয়ে পুনৰ চমন জাৰি কৰাত বুধবাৰে বিয়লি ৩ বজাত যুটীয়া সংসদীয় সমিতিৰ সন্মুখত উপস্থিত হয় এমাজনৰ বিষয়ববীয়া। প্ৰায় ৩ ঘণ্টা সময় গ্ৰাহকৰ ডাটা প্ৰটেকছন সন্দৰ্ভত সমিতিয়ে প্ৰশ্ন কৰে এমাজনক।
