ষ্টাফৰিপৰ্টাৰ, ২১ জুন : বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা ন্যাসৰ উদ্যোগত প্ৰতি বছৰে ডাঃ মহান বৰবৰুৱা সোঁৱৰণি বঁটা আগবঢ়াই হয় যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ছাত্র জনলৈ। ন্যাসৰ সভাপতি পৰাণ বৰবৰুৱাই এইবাৰৰ বঁটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ সহ ৮৯ শতাংশ নম্বৰ লাভ কৰা ৰণী শইকীয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে বুলি জনায়। ৰণী শইকীয়া যোৰহাটৰ পুলিবৰৰ ভাটাগাঁৱৰ জীৱন শইকীয়া আৰু অৰ্চনা শইকীয়াৰ পুত্ৰ। এই বঁটাত আছে নগদ ১৫ হাজাৰ টকা, অভিনন্দন পত্ৰ, কিতাপৰ টোপোলা আদি। এই বঁটা অসম শংকৰদেৱ সংঘৰ যোৰহাট শাখাই আগন্তুক গুৰু জয়ন্তীৰ দিনা প্ৰদান কৰিব।
Latest article
তেতেলীৰ উপকাৰীৰ কথা জানেনে
তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ...
যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনাক
যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ...
আপুনি কাছৰ আঙঠি পিন্ধে নে
যদি আপুনিও কাছৰ আঙঠি পিন্ধে, তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাছৰ আঙঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব...