১৮৮ কোটি টকীয়া ‘বটদ্ৰৱা প্ৰকল্প’ৰ নিৰ্মাণ কাৰ্যৰ শুভৰাম্ভ আৰু কাৰ্বি আলংঙৰ ডেনগাঁৱৰ নুৰাৰ আক্লামত বিশাল সভাত অংশ লবলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আজি নগাঁৱলৈ আহে৷ বটদ্ৰৱাৰ অমিত শ্বাহৰ ভাষণ শুনিবলৈ অহা এজন যুৱক দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লয়৷ অমিত শ্বাহৰ সভালৈ গৈ থাকোতেই পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয় জিতেন্দ্ৰ নামৰ যুৱকজন।
হোজাইৰ ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ নিহত হয় জিতেন্দ্ৰ। ডবকাৰ ডিফু ৰোডত সংঘটিত দুৰ্ঘটনাত নিহত হৈছে জিতেন্দ্ৰৰ ঘৰ বৈঠালাংচুত বুলি জানিব পৰা গৈছে৷ জিতেন্দ্ৰ অমিত শ্বাহৰ সভালৈ গৈ আছিল বুলি জানিব পৰা গৈছে৷
