ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পাছতেই চিন্তাত পৰিছে ইৰাণ

183

ড’নাল্ড ট্ৰাম্পৰ হোৱাইট হাউচলৈ উভতি অহাৰ ফলত চিন্তা বৃদ্ধি হ’ব পাৰে ইৰাণৰ। ইয়াৰ মাজতে ইৰাণৰ প্ৰাক্তন IRGC কমাণ্ডাৰে ট্ৰাম্পক লৈ মন্তব্য প্ৰদান কৰিছে । যাৰ ফলত দুয়োখন দেশৰ মাজৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ৰক্ষণশীল নেতা আৰু প্ৰাক্তন কমাণ্ডাৰ হুছেইন কানানী মুগাদমে কৈছে যে ‘আমেৰিকাৰ হাতত জেনেৰেল কাছিম ছুলেমানীৰ মৃত্যুৰ বিষয়টো এতিয়াও সমাধান হোৱা নাই’।ছুলেমানীৰ মৃত্যুৰ পিছত ড’নাল্ড ট্ৰাম্পে ইয়াক আমেৰিকাৰ ডাঙৰ বিজয় বুলি বৰ্ণনা কৰে। তেওঁ কৈছিল যে আমেৰিকাই বিশ্বৰ এক নম্বৰ সন্ত্ৰাসবাদীক হত্যা কৰিছে। ছুলেমানীৰ মৃত্যুৰ পিছৰে পৰা ইৰাণে নিশ্চিতভাৱে তেওঁৰ মৃত্যুৰ প্ৰতিশোধ ল’ব বুলি অনুমান কৰা হৈছিল। কিন্তু হামাছ-হিজবুল্লাহ প্ৰধানৰ হত্যাৰ প্ৰতিশোধ লোৱা ইৰাণে এতিয়ালৈকে কমাণ্ডাৰৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ সক্ষম হোৱা নাই।