ঠিক হৈছিল বিয়াৰ তাৰিখ, কিন্তু তাৰ পূৰ্বেই দুই ভগ্নীসহ তিনিওৰে ওপৰত চলিল এচিড আক্ৰমণ…

62

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে আন এক বৰ্বৰ কাণ্ড সংঘটিত হ’ল ৰাজ্যখনৰ গোণ্ডা জিলাত। একেটা পৰিয়ালৰ ৩ কন্যাক দুস্কৃতিকাৰীয়ে এচিড আক্ৰমণ কৰৰ ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশত সৃষ্টি কৰিছে চাঞ্চল্যৰ। জানিব পৰা মতে, নিশা তিনিও কিশোৰী শুই থকা অৱস্থাত প্ৰায় ২.৩০ বজাত দুৰ্বৃত্তই ঘৰৰ মুধচৰে কোঠাত প্ৰৱেশ কৰে আৰু তিনিওৰে ওপৰত এচিড আক্ৰমণ কৰি পলায়ন কৰে। দুৰ্বৃত্তই এচিড আক্ৰমণ কৰা কিশোৰী কেইগৰাকীৰ বয়স ক্ৰমে ১৭ বছৰ, ১২ বছৰ আৰু ৭ বছৰ বুলি জানিব পৰা গৈছে।

ইফালে এই ঘটনাৰ পিছত কিশোৰী তিনি গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসকে জানিবলৈ দিয়া মতে, এচিড আক্ৰমণৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে ডাঙৰজনী কন্যা। ১৭ বছৰীয়া কিশোৰীগৰাকীৰ দেহত ৩০ শতাংশ জ্বলি যোৱাৰ বিপৰীতে মাজু জনীৰ ১০ শতাংশ আৰু সৰু ছোৱালীজনীৰ দেহৰ ৫-৭ শতাংশ জ্বলি গৈছে।

ইফালে কন্যা তিনিগৰাকীৰ পিতৃয়ে জানিবলৈ দিয়া মতে, ডাঙৰ জনী ছোৱালীৰ বিবাহ ইতিমধ্যে ঠিক কৰা হৈছিল আৰু দুই এদিনৰ ভিতৰতে এই বিয়া সম্পন্ন হ’লহেঁতেন। কিন্তু তাৰ পূৰ্বেই দুৰ্বৃত্তই এনেদৰে এচিড আক্ৰমণ কৰাত পৰিয়ালটো শংকিত হৈ পৰিছে। ইতিমধ্যে পৰিয়ালৰ অভিযোগ অনুসৰি গোণ্ডা আৰক্ষীয়ে গোচৰ ৰুজু কৰি দোষীৰ সন্ধান অব্যাহত ৰাখিছে।