মহনগৰীত উৎকোচ লোৱাৰ সময়ত হাতেলোটে গ্ৰেপ্তাৰ এগৰাকী কনিষ্ঠ অভিযন্তা।
পৌৰ প্ৰশাসন সঞ্চালকালয়ত উৎকোচ লৈ থকাৰ সময়তে অভিযান চলাই অভিযন্তাজনক গ্ৰেপ্তাৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন বিভাগৰ।
ধৃত কনিষ্ঠ অভিযন্তাজনৰ নাম দেৱাশীষ দাস বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
দিছপুৰত অৱস্থিত নিজৰ কাৰ্যালয়ত অভিযোগকাৰীৰ পৰা ২৫০০০ টকা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত হাতেলোটে ধৰা পৰে অভিযন্তাজন।
২০২০ চনত সম্পূৰ্ণ হোৱা এটা নিৰ্মাণ কাৰ্যৰ বাবে ধন মুকলি কৰি দিয়াৰ বাবে তেওঁ এজন ঠিকাদাৰৰ পৰা উৎকোচ দাবী কৰিছিল বুলি অভিযোগ উঠিছিল।
কিন্তু ধন দিবলৈ অনিচ্ছুক ঠিকাদাৰজনে দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপিছিল।
আৰু তাৰ পিছতে বুধবাৰে গ্ৰেপ্তাৰ কৰা হয় অভিযন্তা দেৱাশীষ দাসক।
ধৃত অভিযন্তা জনৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।