ট্ৰাম্প প্ৰকৃত বন্ধুঃ কোভিড বিৰোধী যুঁজৰ বাবে ভাৰতক দিলে ১০০খন ভেণ্টিলেটৰ

62

ডিজিটেল ডেস্কঃ আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বুধবাৰে আমেৰিকাত নিৰ্মিত ১০০ খন ভেণ্টিলেটৰ পুনৰ প্ৰদান কৰে ভাৰতক। ভাৰতস্থিত আমেৰিকান দূতাৱাসে বুধবাৰে এক বিবৃতিযোগে এই কথা সদৰি কৰিছে।

বিবৃতি অনুসৰি আমেৰিকা চৰকাৰে সংযুক্ত ৰাষ্ট্ৰ আন্তঃৰাষ্ট্ৰীয় বিকাশ এজেন্সী চমুকৈ ইউএছএৰ জৰিয়তে ভাৰত চৰকাৰ তথা ইণ্ডিয়া ৰেড ক্ৰছ ছ’চাইটিৰ সৈতে সমন্বয় গঢ়ি তুলি উচ্চ প্ৰযুক্তিসম্পন্ন এশখন ভেণ্টিলেটৰ দ্বিতীয়টো চালান অৰ্পণ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰদূত কেনেথ জষ্টাৰে এই সন্দৰ্ভত কয়, ‘ভাৰতক এশ খন ভেণ্টিলেটৰৰ অন্তিমখন চালান প্ৰদান কৰি আমি যথেষ্ট সুখী। মহামাৰীৰ এই সময়ছোৱাত ভাৰতক সহায় কৰাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পে যি প্ৰতিশ্ৰুতি দিছিল, আমি সেয়া পূৰণ কৰিছো।’

আনহাতে ৰাষ্ট্ৰদূতগৰাকীয়ে জানিবলৈ দিয়া মতে ভেণ্টিলেটৰৰ উপৰিও ইউএছএ-য়ে সেই মেছিনসমূহ পৰিচালনাৰ বাবে আৱশ্যক হোৱা অতিৰিক্ত উপকৰণসমূহো ভাৰতক যোগান ধৰি সহায় কৰি আহিছে। ভেণ্টিলেটৰৰ প্ৰথম চালান ১৪ জুনত ভাৰতক অৰ্পণ কৰিছিল আমেৰিকাই।