ট্রেডিং কেলেংকাৰী স্বপ্ননীল দাসক চিবিআই জিম্মাত লৈছে

101

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে কাৰাৰুদ্ধ হৈ আছে আন কেইবাজনো ট্ৰেডিং কেলেংকাৰীৰে জড়িত অভিযুক্ত। তাৰে ভিতৰত অন্যতম এগৰাকী স্বপ্ননীল দাস। TFAL নামৰ এটা ট্ৰেডিং প্ৰশিক্ষণ প্ৰতিষ্ঠান খুলি প্ৰশিক্ষণ প্ৰদান কৰা স্বপ্ননীলৰ বিৰুদ্ধেও উত্থাপিত হৈছিল কেলেংকাৰীৰ অভিযোগ। এই অভিযোগতে কাৰাগাৰত থকা স্বপ্ননীল দাসক নিজৰ জিম্মাত লৈছে চি বি আইয়ে।উল্লেখ্য যে ট্রেডিঙৰ নামত প্ৰথমে ধন আত্মসাতত নাম সাঙোৰ খাইছিল স্বপ্ননীলৰ। Black stone নামৰ এটা ট্ৰেডিং Appৰ জৰিয়তে অসমৰ পৰা বহু টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছিল। সেই Black stone নামৰ এপটোৰ লগত স্বপ্ননীল দাস জড়িত থকাৰ অভিযোগ। স্বপ্ননীল দাসৰ প্ৰকৃত ঘৰ শিৱসাগৰত। গুৱাহাটীৰ বেলতলাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰিছিল স্বপ্ননীল দাসক।ইফালে আজি আদালতত হাজিৰ কৰোৱা হ’ব ট্ৰেডিং কেলেংকাৰীৰ মহানায়ক দীপাংকৰ বৰ্মনক। ট্ৰাঞ্জিত ৰিমাণ্ডত লৈ গোৱাত গ্ৰেপ্তাৰ কৰা দীপংকৰক গুৱাহাটীলৈ আনিছিল আৰক্ষীয়ে। আজি সেই শেষ হ’ব ট্ৰাঞ্জিত ৰিমাণ্ডৰ ম্যাদ।