টোল প্লাজা বন্ধৰ দাবীত ৰহা টোল গেটত কৃষক মুক্তিৰ প্ৰতিবাদ…

122

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিক সমিতিয়ে আজি ৰহা টোল প্লাজাত ৰহা টোল প্লাজাকে ধৰি অসমৰ সকলো টোলগেট শীঘ্ৰে বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰীয়ে বিজেপি চৰকাৰৰ জনবিৰোধী নীতি আৰু অনাগত দিনত ৰাজ্যজুৰি ২৭খন নতুন টোলগেট স্থাপনৰ সিদ্ধান্তক গৰিহণা দিয়ে। এই বিক্ষোভত মুঠ শতাধিক কৃষক মুক্তিৰ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে।

ৰহা টোল প্লাজা আৰু ৰাজ্যৰ আন ৬ খন টোলগেটত বৃদ্ধি পোৱা টোল সংগ্ৰহ বন্ধ কৰিবলৈ বা আগন্তুক দিনত সংগঠনটোৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’বলৈ ৰাজ্য চৰকাৰ আৰু এনএইচএআইক সকীয়াই দিয়ে আৰু ৰাইজক টোলগেটত টোল নিদিবলৈ আৰু কয়। নগাঁও জিলা প্ৰশাসনে প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ আশংকাত পুৱাৰে পৰা ৰহা টোল প্লাজাত নিৰাপত্তাৰ ব্যৱস্থা কৰে।