টীয়কত মানসিকভাৱে অসুস্থ যুৱতীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ যুৱক

103

ৰিদিপ বৰঠাকুৰ, যোৰহাট: এক ঘৃননীয় কাণ্ডই জোকাৰি গ’ল টীয়ক জগদুৱাৰ চাহ বাগিছা । জানিব পৰা মতে জগদুৱাৰ চাহ বাগিচাৰ দ্বীপজ্যোতি লোহাৰ নামৰ যুৱকজনে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি বাগিচাৰ মানসিক ভাবে অসুস্থ এগৰাকী যুৱতীৰ লগত অপকৰ্মত লিপ্ত হোৱাত যুৱতী গৰাকী অন্ত:সত্তা হয় ।

এই সন্দৰ্ভত যুৱতী গৰাকীক পৰিয়ালৰ লোকে সোধাপোচা কৰাত যুৱতী গৰাকীয়ে দ্বীপজ্যোতিৰ নাম কয় । এই সন্দৰ্ভত আজি যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে সন্মীলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ উজনি অসমৰ টীয়ক আঞ্চলিকৰ বিষয়ববীয়া তুতুমনি হাজৰিকাক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাত জগদুৱাৰ বাগানৰ বজাৰ গৃহত এখন ৰাইজমেল অনুষ্ঠিত কৰে আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অভিযোগকাৰী যুৱকজনক সোধপোচ কৰাত যুৱকজনে যুৱতী গৰাকীৰ লগত যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে ।

দেওবাৰে যুৱতী গৰাকীৰ পৰিয়ালে টীয়ক আৰক্ষী চকীৰ এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে দ্বীপজ্যোতিক আটক কৰে । অন্যহাতে ঘটনাটো সন্দৰ্ভত জনৈক পাঠক নামৰ এগৰাকী মহিলাই
নিজকে সদৌ অসম মহিলা সংগঠনৰ সভানেত্ৰী বুলি চিনাকি দি যুৱতী গৰাকীৰ দেউতাকৰ ৰামু ভূঞাৰ পৰা দহহাজাৰ টকা দাবী কৰাৰ আন এক গুৰুত্বৰ অভিযোগ উঠিছে ।

অন্যহাতে ধৃত যুৱকজনে ঘটনাটোৰ লগত আন এজন যুৱকো জড়িত আছে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে যুৱকজনৰ ভাষ্যৰ সত্যতা কিমান তাৰ ওপৰত তদন্ত চলাই আছে । অন্যহাতে উক্ত ঘটনাৰ সত্যাসত্য পোহৰলৈ অহাত দ্বীপজ্যোতিৰ বায়েকে যুৱতীগৰাকীক মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ ।