টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত বৰখেলীয়া গাঁৱত পাষাণ পিতৃৰ হাতত প্ৰাণ হেৰুৱালে পুত্ৰই। মাহীমাকৰ সৈতে মিলি পিতৃয়ে নিজ পুত্ৰক হত্যা কৰি শৌচাগাৰত পুতি থোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, দিপাৱলীৰ দিনা পিতৃ ফণীধৰ বৰাৰ পৰা পইচা বিচাৰিছিল কাকু বৰাই। আৰু তাতেই খৰ্গহস্ত হৈ পাষাণ পিতৃয়ে তৃতীয় পত্নীৰ সতে মিলি ঘৰৰ ভিতৰত পুত্ৰৰ মূৰত প্ৰহাৰ কৰি হত্যা কৰে। তাৰ পিছত মৃতদেহটো ঘৰৰ সন্মুখত থকা বাহনীৰ মাজত এটা শৌচালয়ত পুতি থয়।
ইফালে কাকু বৰা নিৰুদ্দেশ হৈ থকাত ভিনিহিয়েকে স্থানীয় আৰক্ষী চকীত এই সন্দৰ্ভত অৱগত কৰাত সোমবাৰে নিশা আৰক্ষী ফণীধৰ বৰাৰ ঘৰত উপস্থিত হৈ তদন্ত অব্যাহত কৰে আৰু হত্যাকাণ্ড নিশ্চিত কৰি আজি পুৱা শৌচাগাৰত পুতি থোৱা অৱস্থাত কাকু বৰাৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে নিশাই আটক কৰা ফণীধৰ বৰা আৰু তেওঁৰ তৃতীয় পত্নীয়ে আৰক্ষীৰ জেৰাত এই হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।
উল্লেখ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী ফণীধৰ বৰাই প্ৰথমা আৰু দ্বিতিয়া পত্নীৰ বিয়োগৰ পিছত তৃতীয় এগৰাকী বিবাহ কৰিছিল। কাকু বৰা আছিল তেওঁৰ দ্বিতীয় পত্নীৰ সন্তান। আনহাতে ফণীধৰ বৰাৰ আন এজন পুত্ৰ ৰিতু বৰা বৰা কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত অৱস্থাৰে পৰাই নিৰুদিষ্ট হৈ আছে।
ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অধিক ক্ষীপ্ৰতৰ কৰিছে। ইপিনে স্থানীয় একাংশ লোকৰ পৰা জানিব পৰা মতে ফণীধৰ বৰাৰ গৃহত দীৰ্ঘদিনৰ পৰাই জুৱা আৰু সুৰাৰ আড্ডা চলি আহিছিল। তেনে সমাজবিৰোধী কৰ্মৰ প্ৰতিবাদ কৰাৰ বাবে পূৰ্বেও পিতৃৰ আক্ৰমণৰ বলি হৈছিল হত্যাৰ বলি হোৱা কাকু বৰা। আনকি কাকু বৰা দীৰ্ঘদিন পিতৃ আৰু মাহীমাকৰ অত্যাচাৰত জ্যেষ্ঠ ভগ্নীৰ ঘৰত আশ্ৰয় লৈ আছিল বুলিও ভিনিহিয়েকে ব্যক্ত কৰিছে।
