টীয়কত অঘটন, লিচুৱে প্রাণ নিলে এগৰাকী কিশোৰীৰ

61

এক হৃদয়বিদাৰক ঘটনাই কন্দুৱাই গৈছে টীয়কক। টীয়কত আজি লিচু খাই এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ মৃত্যু হয়। উল্লেখযোগ্য যে আৰক্ষী বিভাগত কৰ্মৰত জিতেন বৰুৱাৰ কন্যা প্ৰিয়া বৰুৱাই আজি পুৱা লিচু খাই থকা অৱস্থাত ডিঙিত লাগি ধৰে।

পৰৱৰ্তী সময়ত ঘৰতে কিশোৰীগৰাকীৰ ডিঙিৰ পৰা উলিয়ায় যদিও তেওঁ শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাত জৰুৰীভাৱে টীয়ক FRU লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। মেধা সম্পন্ন কিশোৰীৰগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।