টি-২০ বিশ্বকাপৰ ভাৰতীয় দল ঘোষণা, স্থান নাপালে মহম্মদ ছামীয়ে

9088

আই চি চি টি-২০ বিশ্বকাপৰ ভাৰতীয় দলৰ ঘোষণা। বিশ্বকাপত দলটোক নেতৃত্ব দিব ৰোহিত শৰ্মাই। বিশ্বকাপত উপ অধিনায়ক হিচাপে থাকিব লোকেশ ৰাহুল। অৱশ্যে বিশ্বকাপৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দলটোত নাই মহম্মদ ছামী। বংগৰ পেচাৰ গৰাকীক ষ্টেণ্ড বাই হিচাপে ৰখা হৈছে।

এছিয়া কাপৰ পৰা বিফলভাৱে উভতি আহিছে ভাৰতীয় দলটো। ছুপাৰ ফ’ৰত উপনীত হোৱাৰ পাছতো ভাৰতীয়সকলে নিজৰ নামৰ লগত ন্যায় কৰিব নোৱাৰিলে৷ মেচখনৰ গুৰুত্বপূৰ্ণ সময়ত বাট হেৰুৱাইছিল ভাৰতীয় বলাৰসকলে। ছুপাৰ ফ’ৰত পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে খেলখনৰ সঠিক সময়ত ভুৱনেশ্বৰ কুমাৰে অতিৰিক্ত ৰান সংগ্ৰহ কৰে। বহুতে ভাবিছিল যে ভাৰতীয় বলিং বিভাগক শক্তিশালী কৰাৰ বাবে মহম্মদ ছামীক পুনৰ টি-২০ বিশ্বকাপলৈ অনা হ’ব। তেওঁৰ উভতি অহাৰ ফলত দলটোৰ বলিং শক্তি বৃদ্ধি হ’লহেঁতেন তাত কোনো সন্দেহ নাই।

এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে খেলখনত পৰাস্ত হৈছিল ভাৰত। মেচখনৰ গুৰুত্বপূৰ্ণ সময়ত অৰ্শদীপ সিঙে এটা কেচ মিছ কৰে। ইয়াৰ পিছতে বলাগৰাকীক সামাজিক মাধ্যমত বহুতে ট্ৰ’লও কৰে। ৰোহিত শৰ্মাই পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে শেষ অভাৰটো বলিং কৰিবলৈ বলটো অৰ্শদীপৰ হাতত তুলি দিয়ে। পাকিস্তানৰ বিৰুদ্ধে প্ৰচণ্ড হেঁচাত পৰাত অৰ্শদ্বীপে শেষ অভাৰত এটা উইকেটও তুলি লয়। যদিও তেওঁ পাকিস্তানৰ বিৰুদ্ধে ভাৰতক জয়ী কৰাব নোৱাৰিলে। শ্ৰীলংকাৰ বিৰুদ্ধে খেলৰ শেষ অভাৰত অৰ্শদীপে দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ ৰোধ কৰিব নোৱাৰিলে এছিয়াৰ শ্ৰেষ্ঠ শ্ৰীলংকাক। কিন্তু তেওঁৰ ইয়ৰ্কাৰে চকুত ধৰিলে। জানিছিল যে বুমৰাহ জাতীয় দললৈ ঘূৰি আহিব। সেই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে তেওঁৰ উভতি অহাটো আচৰিত কথা নহয়। ঋষভ পন্ত আৰু দীনেশ কাৰ্তিকৰ উইকেট ৰক্ষক। এছিয়া কাপৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৰবীন্দ্ৰ জাডেজা। টি-২০ বিশ্বকাপত তেওঁ উপলব্ধ নহ’ব।

ঘোষিত দল – ৰোহিত শৰ্মা (অধিনায়ক), লোকেশ ৰাহুল, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, দীপক হুদা, ঋষভ পন্ত, দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ৰবি আশ্বিন, অক্ষৰ পেটেল, যুজবেন্দ্ৰ চহল, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, অৰ্শদীপ সিং।