টাটা ট্ৰাষ্ট হাস্পতাল ৪-৬ সপ্তাহতে সাজু হৈ উঠিব

70

মুম্বাই : টাটা ট্ৰাষ্টে চাৰিখন হাস্পতাল বিল্ডিং চৰকাৰী কভি’ড-১৯ ৰ চিকিৎসা কেন্দ্ৰ কৰিছে। ইয়াৰে দুখন উত্তৰ প্ৰদেশ আৰু দুখন মহাৰাষ্ট্ৰত এই কেন্দ্ৰ কৰা হৈছে। এই কেন্দ্ৰত অন্ত: বিভাগ আৰু বহি:বিভাগৰ ৰোগী সকলে স্বাস্থ্য জনিত সমস্যা সম্পৰ্কীয় যাতে সুবিধা লাভ কৰিব পাৰে। এই সম্পৰ্কে টাটা ট্ৰাষ্ট ৰ অধ্যক্ষ ৰতন টাটাই কয় ” কভি’ড-১৯ ৰ পৰা দেশবাসীয়ে যাতে সুৰক্ষিত হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ভাইৰাছক প্ৰতিহত কৰাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰই প্ৰত্যাহ্বানৰ সন্মূখীন হৈছে। মহাৰাষ্ট্ৰৰ সাংগলীত থকা হাস্পতাল খন ৫০ খন বিচনাযুক্ত, বুলধানাত ১০৬ বিচনাযুক্ত,
উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰত ১৬৮ খন বিচনাযুক্ত আৰু গোণ্ডাত ১০৬ খন বিচনাযুক্ত। এই সুবিধা সমূহ ট্ৰাষ্টে ১৫ জুনৰ ভিতৰত আগবঢ়াই দিয়াৰ সম্ভাৱনা আছে।”