টাইগাৰ অভী জিন্দা হ্যে’- কোৰোণা মুক্ত হৈ ‘হিট’ ডাইলগেৰে চিকিত্‍সালয় এৰিয়ে প্ৰাক্তন সাংসদ সুস্মীতা দেৱে

109

টাইগাৰ অভী জিন্দা হ্যে’- কোৰোণা মুক্ত হৈ ‘হিট’ ডাইলগেৰে চিকিত্‍সালয় এৰিয়ে প্ৰাক্তন সাংসদ সুস্মীতা দেৱে
টাইগাৰ অভী জিন্দা হ্যে’- বলীউদৰ ছুপাৰহিট ডাইলগেৰে চিকিত্‍সায়ৰ পৰা ৰিলিজ ল’লে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মীতা দেৱে। দেওবাৰে কোৰোণাৰ পৰা আৰোগ্য হৈ শিলচৰ চিকিত্‍সা মহাবিদ্যালয় এৰিলে প্ৰাক্তন সাংসদগৰাকীয়ে।
যোৱা ৮ জুলাইত সুস্মীতা দেৱৰ দেহত ধৰা পৰিছিল কোৰোণাৰ অৱস্থিতি। পিছত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল প্ৰাক্তন সাংসদগৰাকী। যদিও সুস্মীতা দেৱৰ শৰীৰত কোৰোণাৰ কোনো লক্ষণে দেখা দিয়া নাছিল তথাপিও চিকিত্‍সা মহাবিদ্যালয়খনৰ কেবিনত ৰাখি প্ৰয়োজনীয় চিকিত্‍সা প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত সুস্মীতা দেৱৰ দুবাৰ স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্টত কোৰোণা নিগেটিভ অহাৰ পিছতে দেওবাৰে চিকিত্‍সালয়ৰ পৰা ৰিলিজ দিয়া হয়।