শনিবাৰে টকিঅ’ পেৰালিম্পিকত পুনৰ এবাৰ জিলিকি উঠিল ভাৰত। ভাৰতৰ মনীষ নৰৱালে ৫০ মিটাৰ মিক্সড শ্বুটিংত সোণৰ পদক জিকি ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, পেৰালিম্পিকত এয়া হৈছে ভাৰতৰ তৃতীয়টো স্বৰ্ণজয়। ইয়াৰ পূৰ্বে অৱনী লেখৰাই শ্বুটিংত সোণৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিছিল৷ আনফালে, সিংৰাজ আধানাই ৫০ মিটাৰ মিক্সড শ্বুটিংত ৰূপৰ পদক লাভ কৰি আন এক পদক কঢ়িয়াই আনে ভাৰতলৈ৷
প্ৰণিধানযোগ্য যে, চলিত পেৰালিম্পিকত ভাৰতে ইতিমধ্যে শনিবাৰে বেডমিণ্টনত দুটা ৰূপৰ পদক নিশ্চিত কৰিছে।